Saturday, November 28, 2015

স্কেন্দেনেভিয়াত এমাহ


নভেম্বৰৰ ২ তাৰিখে ভৰি দিছিলোঁ নৰৱেত, দ্বিতীয়বাৰৰ বাবে । প্ৰায় এমাহমান আগতে আহিছিলোঁ কাম-কাজৰ প্ৰাৰম্ভিক আলোচনাৰ বাবে। এইবাৰ আহিছোঁ একেবাৰে আচল কামটোৰ বাবে। Oslo Lufthavn এয়াৰপৰ্টত নামি মই airport express ট্ৰেইনেৰে লিছাকেৰ ষ্টেছনত নামিলো। যোৱাবাৰ আহি যোৱাৰ কাৰনে এইবাৰ বিশেষ অসুবিধা নহ'ল। ষ্টেচনৰ কাষৰে 41 Pier নামৰ ৰেষ্টুৰেন্ট এখনত দুপৰীয়াৰ সাজ খাই চিধা-চিধি অফিচলৈ গ'লো।

নৰৱেজিয়ানসকল বৰ মৰমীয়াল মানুহ। ইয়াত চিনাকি-অচিনাকি সকলোৰে পৰা মই মাৰ্জিত ব্যবহাৰ পাইছোঁ। আনকি ইমিগ্ৰেছন অফিচাৰ জনেও মোক (আৰু আনকো) হাঁহিমুখেৰেই সম্ভাষণ জনাইছিলে। লিছাকেৰ ষ্টেছনৰ পৰা নামি অফিচটো বিচাৰি পোৱা নাছিলো আৰু বাছ ষ্টপত মহিলা এগৰাকীক সোধোঁতে অতি আন্তৰিকতাৰে উত্তৰ পাইছিলো। মোৰ ধাৰণা প্ৰায় দৃঢ় হ'ল যে নৰৱেত মই মানুহৰ পৰা বিশেষ অসুবিধা নাপাম।

অফিচতো মোক সকলোৱে সম্ভাষণ জনালে। চিনাকি পৰ্ব শেষ হোৱাৰ পিছত মই সিদিনাখনৰ যাবতীয় কামকাজ কৰি সন্ধিয়া মই হোটেলত check-in কৰিলো। ৰেডিছন ব্লু পাৰ্ক হোটেল, ফোৰ্নেবু। সিমীত সা-সুবিধাৰ এখন হোটেল।

পিচদিনাখন মই যথাযথ ভাবে এই ভ্ৰমনৰ সুচি অনুযায়ী এইটো অফিচৰ কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিলো। প্ৰশিক্ষণ চলি থকা সময়তে দুপৰীয়ামানত অজয় আৰু ইন্দু ডুবাইৰ পৰা আহি অফিচত উপস্থিত হল। এওঁলোকে বিত্তীয় বিষয়ক প্ৰশিক্ষণ দিব আৰু লগতে মোৰ প্ৰশিক্ষণ কাৰ্যতো হাত উজান দিব।

ভৌগলিকভাবে, নৰৱে কুমেৰু বৃত্তৰ সমীপত অবস্থিত। সেয়েহে ইয়াত অতিপাত ঠাণ্ডা। বৰ্ত্তমানৰ তাপমাত্ৰা প্ৰায় ৬ - ২ ডিগ্ৰী আৰু বছৰৰ সৰ্বনিম্ন তাপমাত্ৰা -২০লৈ যায়। বাহিৰত জেকেট বা অভাৰকোট অবিহনে ওলাব নোৱাৰি। শীতকালিত সূৰ্যৰ পোহৰ মাত্ৰ ৪-৬ ঘন্টামানৰ বাবেহে পোৱা যায়। উত্তৰ নৰৱেত মাজনিশাৰ সুৰ্য দেখা যায়। অৰোৰা বৰেলিছ বা নৰ্দান লাইটছ এই অঞ্চলৰ আন এটা প্ৰধান আকৰ্ষণ।


Autum in Oslo
দ্বিতীয়দিনা যথাযথ মই মোব অফিচৰ কাৰ্যসুচী আৰম্ভ কৰিলো। মোৰ দৰ্শকবৃন্দ সকলোয়ে বয়সস্থ। কাজেই তেওঁলোকৰ তথ্য-প্ৰযুক্তিৰ সা-সৰঞ্জামৰ লগত ৰাহি-যোৰা নাহে। সেইটো কথা মনত ৰাখি মই মোৰ পদ্ধতি যিমান পাৰি লাহেকৈ আৰু মসৃণভাবে কৰাৰ চেষ্টা কৰিলো। যাৰ ফলত, ৩ ঘন্টাত মই এখন ফ'ৰ্মহে আগুৱাব পাৰিলো।