যোৱা কিছুদিনৰ ব্যস্ততাৰ অন্তত, যোৱানিশা ডুবাইত ৰঙালী বিহু (২০১৭ বৰ্ষৰ) উদযাপন হৈ গ'ল। এইবাৰ বিহুতলিৰ স্থান আছিল মেট্ৰপলিটান হোটেল । ইয়াৰ পূৰ্বৰ বৰ্ষৰ বিহুৰ অনুষ্ঠানসমুহ উদযাপন হৈছিল একেই মেট্ৰপলিটান হোটেলৰ ডেইৰা ব্ৰাঞ্চত। একেই একেই কম্পানীৰ বেলেগ হোটেলত হোৱা কাৰণে কেইজনমানৰ আহুকাল হ'ল।
আনবাৰৰ তুলনাত এইবাৰৰ বিহু আয়োজন কিছু অনুষ্টুপীয়া হ'ল, কিন্তু তথাপিও আয়োজকৰ প্ৰচেষ্টা শলাগিবলগীয়া। মূখ্য আকৰ্ষণ হিচাপে এইবাৰ আছিল অনুপম শইকীয়া আৰু ঋতিষা শৰ্মা। বিশেষকৈ অনুপম শইকীয়াই তেওঁৰ একালৰ জনপ্ৰিয় গীত সমূহেৰে শ্ৰোতাক বাৰুকৈয়ে আপ্লূত কৰে। আসাম টকছৰ প্ৰেজেন্টাৰ পাপুও তেওঁৰ এংকৰিংৰে অনুষ্ঠান উপভোগ্য় কৰি তুলিছিল।
মই এই বিহু উদযাপনৰ সাংষ্কৃতিক দিশটোত জড়িত আছিলোঁ। বিহুৰ সমবেত সংগীত আৰু আধুনিক গীতত অংশ লোৱাৰ উপৰিও মোৰ ঘৰতেই আখৰাবিলাক হৈছিল।
কিন্তু এই বিহু উদযাপনৰ সবাতকৈ আনন্দময় কথাটো হল যে প্ৰায় সকলো চিনাকী অসমীয়া মানুহকেইজনত বছৰটোৰ মুৰুকত এই বিহুতেই লগ পোৱা হয়। ডুবাইৰ এই অসমীয়া সমাজখন মোৰ সামাজিক জীৱনৰ এটা অংগ। আনটো অংগ হল ভিনদেউ আৰু অংকুৰহঁতৰ পৰিয়াল।

![]() |
| সমবেত সংগীতৰ দল - বাওঁফালৰ পৰা ক্ৰমে অংকিতা শৰ্মা, জুৰি ভট্টাচাৰ্য, জয়শ্ৰী বুজৰবৰুৱা, পদ্মলক্ষ্মী বৰুৱা, সষ্ঠি শৰ্মা, অভিজিত ভট্টাচাৰ্য, মই, কংকন আৰু আজহাৰ |